গু‌ৱাহাটী পৌৰ নিগমৰ বিষয়ে

গু‌ৱাহাটী পৌৰ নিগম হৈছে গু‌ৱাহাটী মহানগৰৰ প্ৰশাসন, উন্নয়ন আৰু ব্য‌ৱস্থাপনাৰ ক্ষেত্ৰত দায়িত্বশীল এটি নগৰাঞ্চলীয় স্থানীয় সংস্থা । গু‌ৱাহাটী মহানগৰৰ অন্তৰ্গত ২১৬.৭৯ বৰ্গ কিলোমিটাৰ এলেকাক ই চো‌ৱা-চিতা কৰে। এই সমগ্ৰ এলেকাটো মুঠ ৩১টা নগৰীয় ‌ৱাৰ্ডত ভাগ কৰা হৈছে আৰু প্ৰতিটো ‌ৱাৰ্ডেই ২,৩ বা ৪টা অঞ্চলীয় সভা হিচাপে ভগো‌ৱা হৈছে ।বৰ্তমানে, মুঠ ৯০ টা এনে অঞ্চলীয় সভা আছে । গু‌ৱাহাটী পৌৰ নিগমে অসম চৰকাৰৰ গু‌ৱাহাটী উন্নয়ণ বিভাগৰ অধীনত কাম কৰে ।

গু‌ৱাহাটী পৌৰ নিগমৰ জন্ম হৈছে গু‌ৱাহাটী পৌৰ নিগম ধাৰা ১৯৭১ৰ ফলশ্ৰুতিত । এই ধাৰাৰ অধীনৰ ৪৫ অংশৰ নিয়মমতে ১৯৭৪ চনত প্ৰথম নিৰ্বাচিত কাউন্সিলৰসকলৰ জৰিয়তে গু‌ৱাহাটী পৌৰ নিগম গঠিত হৈছিল । মহানগৰৰ বিভিন্ন প্ৰান্তত অ‌ৱস্থিত ইয়াৰ ভিন্ন শাখা বা কোষসমূহক গু‌ৱাহাটী পৌৰ নিগমে প্ৰশাসনীয়ভা‌ৱে নিয়ন্ত্ৰণ কৰে । নিগমে প্ৰদান কৰা সে‌ৱাসমূহ হ’ল-

  • সম্পদৰ মূল্যায়ণ, পুণৰ্মূল্যায়ণ বা নামজাৰী
  • ৰাস্তা-পদূলী আৰু নলা-নৰ্দমাৰ উন্নয়ণ তথা তদাৰকীকৰণ
  • বাণিজ্যিক অনুজ্ঞাপত্ৰৰ অনুমোদন আৰু নবীকৰণ
  • পৌৰ বজাৰসমূহৰ উন্নয়ন আৰু তদাৰকীকৰণ
  • ৰাজহু‌ৱা শৌচালয় বা ই-শৌচালয় নিৰ্মাণ আৰু তদাৰকীকৰণ
  • ঘৰ-দু‌ৱাৰ সজাৰ অনুমতি প্ৰদান
  • গাড়ী ৰখা স্থান নিৰ্মাণ আৰু তদাৰকীকৰণ
  • সৌন্দৰ্যবৰ্ধনৰ বাবে উদ্যান আৰু পুখুৰী নিৰ্মাণ তথা তদাৰকীকৰণ
  • হোৰ্ডিং আৰু বিজ্ঞাপন প্ৰচাৰ
  • জন্ম-মৃত্যুৰ প্ৰমাণ-পত্ৰ প্ৰদান
  • ৰাষ্টা-পদূলীত পোহৰ-চাকিৰ ব্য‌ৱস্থা কৰা আৰু তদৰকী কৰা
  • খা‌ৱৈ বা কালভাৰ্টসমূহৰ চো‌ৱা-চিতা কৰা
  • সজা আৰু তদাৰক কৰা
  • ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ বিভিন্ন আঁচনি বা প্ৰকল্পসমূহ সঠিকভা‌ৱে ৰূপায়ন কৰা
  • মিটাৰ থকা বা নথকা পানীৰ সংযোগ প্ৰদান কৰা

সম্পত্তি-কৰ আৰু বাণিজ্যিক অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত নিগমক ছটা ৰাজহ খণ্ডত ভগো‌ৱা হৈছে । অন্যহাতে, ৰাজহু‌ৱা কাম-কাজৰ ক্ষেত্ৰতো নিগমক ছটা অভিযান্ত্ৰিক মণ্ডলত ভগো‌ৱা হৈছে । নিগমৰ অধীনত প্ৰায় ১.৮৭ লাখ উপভোক্তা আছে আৰু ভিন্ন প্ৰান্তত অ‌ৱস্থিত ব্য‌ৱসায়িক আৰু ঘৰু‌ৱা ব্য‌ৱহাৰকাৰীৰ বাবে প্ৰায় ৩০,০০০ জল-সংযোগ আছে ।