পলকতে গু‌ৱাহাটী (Guwahati at a glance)

গু‌ৱাহাটী হৈছে অসমৰ ৰাজধানী আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ চহৰ । ই হৈছে ভাৰতৰ ক্ষীপ্ৰগতিৰে উন্নতিশীল চহৰসমূহৰ ভিতৰত এখন আৰু এই মহানগৰক দেশখনৰ উত্তৰ-পূ‌ৱৰ প্ৰ‌ৱেশ-দ্বাৰ বুলি কো‌ৱা হয় । গু‌ৱাহাটী মহানগৰখন ব্ৰহ্মপুত্ৰ নদৰ কাষতে অ‌ৱস্থিত ।

banner01
                                                                                      আলোকচিত্ৰ: গু‌ৱাহাটী চহৰৰ এক নান্দনিক দৃশ্য

ভৌগোলিক অ‌ৱস্থিতি

২৬১০উত্তৰ অক্ষাংশ আৰু ৯২৪৯পূ‌ৱ দ্ৰাঘিমাংশত অ‌ৱস্থিত গু‌ৱহাটি চহৰখন ব্ৰহ্মপুত্ৰ নদৰ দুয়োপাৰ জুৰি বিস্তৃত যদিও ইযাৰ অধিকাংশ আছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে । কামৰূপ জিলাৰ দক্ষিণ-পূ‌ৱত অ‌ৱস্থান লো‌ৱা মহানগৰখনৰ উত্তৰে আছে নবাৰী জিলা, পূ‌ৱে আছে দৰং আৰু মৰিগাওঁ জিলা, দক্ষিণত আছে মেঘালয় ৰাজ্য আৰু পশ্চিমে আছে গো‌ৱালপাৰা তথা বৰপেটা জিলা । এই মহানগৰখন গড় সাগৰীয় স্তৰতকৈ প্ৰায় ৪৯.৫ মিটাৰৰ পৰা ৫৫.৫ মিটাৰ ভিন্ন উচ্চতাত অ‌ৱস্থিত । ইয়াৰ দক্ষিণ আৰু পূ‌ৱ অংশ শিলাময় অঞ্চলেৰে আবৃত ।

ভৌতিক গঠন

গু‌ৱাহাটী মূলত: পাহাৰীয়া আৰু সমতল দুপ্ৰকাৰৰ অঞ্চলেৰে পৰিপূৰ্ণ । বৰ্তমানে গু‌ৱাহাটী পৌৰনিগমে আগুৰি থকা অঞ্চলৰ পৰিমাণ হৈছে ২৬২ বৰ্গ কি.মি. । ই শ্বিলঙৰ সমতলভূমি আৰু ব্ৰহ্মপুত্ৰ নদৰ মাজত অ‌ৱস্থিত । ইয়াৰে পশ্চিমে আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু পূ‌ৱে আছে নাৰেঙী চহৰ ।

— ইয়াৰ মধ্যাংশত অ‌ৱস্থিত হৈছে পানবজাৰ, পল্টন বজাৰ , ফাঁচী বজাৰ আৰু উজানবজাৰ । ইয়াৰে প্ৰতিটো অঞ্চলেই ব্যস্ততাপূৰ্ণ নগৰাঞ্চলীয় সমাগমেৰে পৰিপূৰ্ণ ।

— চান্দমাৰী, জু-ৰোড আৰু উলুবাৰীৰ মূল অংশৰপৰা সংবৰ্ধিত অঞ্চলসমূহত আ‌ৱাসিক এলেকাৰ ওপৰিও বাণিজ্যিক এলেকাৰ মিশ্ৰিত প্ৰভা‌ৱ দেখা যায় ।

— গু‌ৱাহাটী-শ্বিলং পথৰ দুয়োকাষে খুচুৰা,পাইকাৰী বিপণী আৰু কাৰ্যালয়সমূহ মূল ৰাষ্টাৰ কাষে কাষে স্থাপিত হৈছে । ইয়াৰ ভিতৰৰ অংশবোৰ হৈছে খুব গাঢ় জনবসতিপূৰ্ণ এলেকা ।

— পশ্চিমে আহ-যাহৰ সুচল বাট হৈছে কামাখ্যা, জালুকবাৰী আৰু বিমান-বন্দৰৰ দিশে।

— পূ‌ৱে আহ-যাহৰ সুচল বাট হৈছে নুনমাটি আৰু নাৰেংগীৰ দিশে ।

পৰিবহন

ভাৰতৰ বাকী অংশৰ লগত গু‌ৱাহাটী স্থলপথ, ৰেল আৰু আকাশমাৰ্গেৰে সংলগ্ন হৈ আছে।

বিমান-সে‌ৱা: ভাৰতৰ প্ৰায় আটাইকেইখন মহানগৰলৈ আকাশীমাৰ্গেৰে যাব পৰাৰ সুব্য‌ৱস্থা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰপৰাই আছে ।ইয়াৰোপৰি, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্বৰ কেইবাখনো ভিন্ন স্থানলৈ যাবপৰাৰ সুবিধা ইয়াত আছে ।

ৰেল: ‘কামাখ্যা’ আৰু ‘নতুন গু‌ৱাহাটী’ বাদ দি উত্তৰ-পূব সীমান্ত ৰেল‌ৱেৰ ঘাই ৰেল জংছন হৈছে ‘গু‌ৱাহাটী ৰেল জংছন’ । ভাৰতৰ অন্য ঠাইৰ লগত এই গু‌ৱাহাটী মহানগৰখন কেইবাখনো উন্নত ৰেলৰদ্বাৰা সংযোজিত হৈ আছে । মহানগৰখনৰ অতি মাত্ৰাৰ ট্ৰেফিক অসুবিধাৰপ্ৰতি লক্ষ্য ৰাখি ‘মনো ৰেল’ আৰু ‘মেট্ৰো ৰেল’ৰ ব্য‌ৱস্থা কৰাৰো পৰিকল্পনা চলি আছে ।

বাচ: মহানগৰৰ বাহ্যিক অংশত অ‌ৱস্থিত আন্তৰাজ্যিক বাচ আস্থানে উত্তৰ-পূবৰ সকলো ৰাজ্যৰে সৈতে নিয়মিত বাচেৰে সংযোজিত কৰি ৰাখিছে । গু‌ৱাহাটী মহানগৰৰ অভ্যন্তৰীণ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত পৰিবহনৰ সুবিধা পৰ্যাপ্ত পৰিমাণে আছে । চৰকাৰী সংস্থা- অসম ৰাজ্যিক পৰিবহন নিগম আৰু বহু ব্যক্তিগত খণ্ডৰ বাচ-সে‌ৱাই যথেষ্ট সুন্দৰ সে‌ৱা আগবঢ়াই আহিছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত কম উচ্চতাৰ JnNURM মডেলৰ বাছ-সে‌ৱা আগবঢ়ো‌ৱা প্ৰথমখন মহানগৰেই হৈছে গু‌ৱাহাটী ।

ৰছীৰ-ৰাষ্টা: গু‌ৱাহাটী মহানগৰ আৰু উত্তৰ-গু‌ৱাহাটীক ব্ৰহ্মপুত্ৰ নদৰ ওপৰেৰে ৰচীৰে সংলগ্ন কৰি ৰছীৰ এটা ওলোমা-ৰাষ্টা সাজি থকা হৈছে ।

জনবসতিৰ পৰিসংখ্যা:

ভাৰতৰ ভিতৰতে আটাইতকৈ ক্ষীপ্ৰভা‌ৱে বঢ়া মহানগৰ হৈছে গু‌ৱাহাটী । ২০১১ চনৰ জৰীপৰ তথ্যমতে মহানগৰখনৰ জনবসতি হৈছে ৯৬৩,৪২৯ জন যিটো হৈছে গোটেই ৰাজ্যখনৰে জনসংখ্যাৰ তিনি শতাংশ মাত্ৰ। গু‌ৱাহাটী মহানগৰৰ গঢ় শাক্ষৰতাৰ হাৰ হৈছে ৮২.৯% । যো‌ৱা ইং. ২০০১ চনৰপৰা ২০১১ চনৰ ভিতৰত এই মহানগৰখনত ৫.৯০% হাৰত সাক্ষৰতাৰ হাৰ বৃদ্ধি পো‌ৱা পৰিলক্ষিত হয় । ২০১১ চনৰ জৰীপমতে মহানগৰখনৰ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯১৮গৰাকী মহিলা । কিশোৰৰ ক্ষেত্ৰত এই হাৰ হৈছে ১০০০ জন ল’ৰাৰ বিপৰীতে ১০০৯ জনী ছো‌ৱা‌লী । ২০১১ চনৰ জৰীপৰ তথ্যমতে ছবছৰৰ তলৰ মুঠ ল’ৰা-ছো‌ৱালীৰ সংখ্যা হৈছে ৮৬,৮০৬ । ইয়াৰে ৪৩,৫৮৯ জনী ছো‌ৱালী আৰু ৪৩,২১৭ জন ল’ৰা । ল’ৰা-ছো‌ৱালীৰ এই সংখ্যা হৈছে মহানগৰখনৰ মুঠ জনসংখ্যাৰ ৯.০১ শতাংশ ।

অৰ্থনৈতিক পৰিসংখ্যা:

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অৰ্থনৈতিক বিকাশৰ মূল কেন্দ্ৰ হৈছে গু‌ৱাহাটী মহানগৰ । এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ-নীলাম কেন্দ্ৰ থকা ইয়েই হৈছে আটাইতকৈ ডাঙৰ বেপাৰ-বাণিজ্যৰ কেন্দ্ৰ । ইয়াৰ ‘কৰ্ম অংশীদাৰী’ৰ হাৰ হৈছে ৩৫.১% আৰু ‘অন্য কৰ্মী’সকলৰ হাৰ হৈছে ৯৬.৮% । ইয়াৰ নিয়োগ আৰু ব্য‌ৱসায়ৰ মূল খণ্ড সমূহ হৈছে চৰকাৰী খণ্ড, উদ্যোগ, পৰিবহন, ঘৰু‌ৱা উদ্যোগ, পৰ্যটন ইত্যাদি ।

কায়িক গাঁঠনি (Physical Infrastructure)

ৰাস্তা: ৰাস্তাৰ বাবে প্ৰয়োজনীয় মুকলি ঠাইৰ অভা‌ৱ হৈছে গু‌ৱাহাটীৰ যান-জঁটৰ মূল সমস্যা । মহানগৰখনৰ সকলো ৰাস্তাৰ মুঠ দৈৰ্ঘ্য হৈছে ২১৮ কিলোমিটাৰ । পশ্চিম আৰু পূবক সংযোগ কৰা চাৰি-লেনৰ ৩৭নং ঘাইপথে বৰ্তমানে উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে । মহানগৰখনৰ কিছুমান ৰাস্তা এখন বাহনৰ বাবে আৰু আন কিছুমান ৰাস্তা দুখন বাহন পাৰ হ’ব পৰা বিধৰ। পশ্চিম দিশৰপৰা ব্যাপ্তি থকা এ.টি. ৰোডটো‌ৱে মহানগৰৰ মূল মধ্যাংশক সংলগ্ন কৰিছে । মধ্যাংশৰ লগত পূব অংশটি সংযোজিত হৈছে জি.এন.বি. ৰোড আৰু ভি.আই.পি. ৰোড । জনবসতিপূৰ্ণ অঞ্চলসমূহত থকা ৰাস্তাবোৰ অতিকেই ঠেক হো‌ৱা হেতুকে ইয়েই যান-জঁটৰ লগতে অন্য ঘৰ-দু‌ৱাৰ সজাতো সমস্যাৰ সৃষ্টি কৰিছে ।

 

পানীৰ ব্য‌ৱস্থা: বৰ্তমানে গু‌ৱাহাটী মহানগৰৰ মাত্ৰ ৩০% অঞ্চলতহে পানী-যোগান আঁচনিৰ অধীনত পাইপেৰে জল-যোগানৰ ব্য‌ৱস্থা কৰা হৈছে । যদিও মুঠ উৎপাদন ৭৯ এম.এল.ডি. হয়, তথাপি পানবজাৰ, পটবাভ্ৰি আৰু হেংগেৰাবাড়ীৰ সে‌ৱামূলক উৎপাদনক হিচাপৰ নেওতালৈ আনি ক’ব পাৰি যে গু‌ৱাহাটী পৌৰনিগমৰ অধীনস্থ সৰ্বমুঠ জল-যোগান প্ৰকল্পৰ ক্ষমতা হৈছে ২০.৫ এম.এল.ডি । বৰ্তমানে গু‌ৱাহাটীৰ জনসংখ্যাৰ হিচাপত প্ৰয়োজনীয় পানী যোগান হ’ব লাগে ১৬৫ এম.এল.ডি। বৰ্তমানৰ নিগমৰ অধীনস্থ অঞ্চলবোৰত যোগান দিবৰ বাবে পানীৰ মূল উৎস হৈছে ব্ৰহ্মপুত্ৰ নদৰ পানী । শৰাইঘাট দলঙৰ ওচৰত ব্ৰহ্মপুত্ৰৰ গঢ় ব‌ো‌ৱতী পানীৰ পৰিমাণ হৈছে ৪৫০০ ঘন মি. প্ৰতি ছেকেণ্ডত আৰু এই পানী বছৰৰ যথেষ্ট দীঘলীয়া সময়ৰ বাবে প্ৰায় পূৰ্ণভা‌ৱেই বৈ থাকে । বৰ্ষা ঋতুৰ ১৫০ টা দিনৰ ভিতৰত প্ৰায় ৫০% সময়তেই পানীৰ উচ্চতা গঢ় সাগৰীয় স্তৰতকৈ ৪৮.১৭ মিটাৰ ওপৰত থাকে । টিউব‌ৱেলৰপৰা ওলো‌ৱা পানী গু‌ৱাহাটী পৌৰনিগম অঞ্চলৰ বাবে পৰ্যাপ্ত নহয় । শিলাখণ্ডপূৰ্ণ অঞ্চলসমূহত মাটিৰ তলৰপৰা পানী নিষ্কাষণৰ সম্ভা‌ৱনা খুবেই কম ।

 

মাটিৰ তলেৰে নলা ব্য‌ৱস্থা:

দুই-চাৰিটা বিশেষ অঞ্চল যেনে ৰেল‌ৱে কলনী, শোধনাগাৰ আৰু প্ৰতিৰক্ষা বিভাগৰ চৌহদ ইত্যাদিত নিজাববীয়া মাটিৰ তলেৰে থকা নৰ্দমা ব্য‌ৱস্থাৰ বাদে বৰ্তমানে গু‌ৱাহাটী পৌৰনিগমৰ অধীনত এই ব্য‌ৱস্থা নাই। গু‌ৱাহাটীত সাধাৰণতে কিছুমান ছেপ্টিক টেংকী আছে । বৰ্জনীয় পনীয়া পদাৰ্থসমূহ কোনোধৰণৰ বিশেষ পদ্ধতি ব্য‌ৱহাৰ নকৰাকৈয়ে ওচৰৰ নৰ্দমা আৰু খা‌ৱৈত পেলো‌ৱা হয়। ছেপ্টিক টেংকীৰ ক্ষেত্ৰত ডুবাই ৰখা ফুটাবোৰ বৰ্তমানে কম সময়ৰ ভিতৰতে অতি বেছি উপ-মাটি কম-পানী তালিকাৰ হো‌ৱা হেতুকে কাৰ্যক্ষম হৈ থকা নাই ।

নৰ্দমাৰ ব্য‌ৱস্থা:

অসম চৰকাৰৰ চহৰ আৰু গ্ৰাম্য পৰিকল্পনা বিভাগে মহানগৰখনৰ এটা সৰু অংশত আৰম্ভ কৰা পৰিকল্পিত নৰ্দমা ব্য‌ৱস্থাৰ বাদে গু‌ৱাহাটী পৌৰনিগম এলেকাৰ অন্তৰ্গত কোনো অঞ্চলতে সুপৰিকল্পিত নৰ্দমা-ব্য‌ৱস্থা বৰ্তমানে নাই । পৌৰনিগমে ৰাস্তাৰ কাষত সৰু নৰ্দমাৰ ব্য‌ৱস্থা কৰিছে যদিও সেয়া নাগৰিকৰ সুবিধাৰ জোখাৰে উপযুক্ত হো‌ৱা নাই । ওপৰত উল্লেখিত অধ্যয়নৰপৰা জনা মতে আৰু নৰ্দমাৰ কাষৰ মাটি বেদখল কৰাৰ ফলত, ওলাই যাব পৰা পানীৰ সুৰংগৰ অভা‌ৱ, সৰু-সুৰা নলা-নৰ্দমাবোৰ ভৰি ওফন্দি পৰা, পাহাৰৰপৰা হো‌ৱা ভূমিস্খলন, পাৰ নথকা খা‌ৱৈৰ অ‌ৱস্থিতি ইত্যাদিয়ে পৰ্যাপ্ত পানী বো‌ৱাই নিব নো‌ৱাৰাৰ ফলত সঘনে বানপানী হো‌ৱা পৰিলক্ষিত হয় । ইয়েই অঞ্চলটোৰ স্বাস্থ্য আৰু সম্পত্তিৰ প্ৰতি ভাবুকি মাতি আনে । নিগমৰ অধীনস্থ অঞ্চলটোত মানুহৰ ঘন বসতি থকা এলেকা আৰু অপৰিকল্পিত হো‌ৱা ঘৰ-দু‌ৱাৰ নিৰ্মাণৰ ফলত পানীৰ স্বাভা‌ৱিক সোঁতক ব্যাঘাট কৰি এই পৰিঘটনা সঘনে হো‌ৱা দেখা যায় । বৰ্ষাৰ মাহকেইটাত মহানগৰখনৰ কেইবাটাও অঞ্চল পানীত বুৰ গৈ থাকে বুলিও ক’ব পাৰি ।

বিদ্যুৎ:

গু‌ৱাহাটী মহানগৰীত বৰ্তমানে প্ৰয়োজন হো‌ৱা বিদ্যুতৰ চাহিদা আৰু যোগানৰ মাজত প্ৰায় ৪৮ মেগা ভল্ট এম্পায়াৰৰ তাৰতম্য আছে । ২০২৫ চনৰ ভিতৰত এই মহানগৰখনে আৰু অতিৰিক্ত ৪৭৪ মেগা ভল্ট এম্পায়াৰ বিজুলিৰ চাহিদা পাব । অসম ৰাজ্যিক দিদ্যুৎ পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰ তথা ব্যক্তিগত খণ্ডৰ কেইবাটাও উৎসৰপৰা বিদ্যুৎ ল’ব পৰাকৈ ১৫০ মেগা ভল্ট এম্পায়াৰৰ তিনিটাকৈ অতিৰিক্ত ‘মেইন ৰিচিভিং গ্ৰিড ষ্টেশ্যন’(১৩২/১১ কেভি) স্থাপন কৰাৰ কথা বিবেচনা কৰা হৈছে । আৰু এইবোৰৰপৰা বিজুলী শক্তি বিভিন্ন ক্ষেত্ৰৰ উপকেন্দ্ৰ(৩৩/১১ কেভি)ৰ যোগেদি উপভোক্তাক যোগান ধৰা হ’ব ।

সামাজিক গাঁঠনি:

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গু‌ৱাহাটীয়েই হৈছে প্ৰাণকেন্দ্ৰ স্বৰূপ ।বিশ্বজনীন শিক্ষানুষ্ঠান ভাৰতীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠান,গু‌ৱাহাটী মহানগৰখনৰ সমীপবৰ্তী অঞ্চলত অ‌ৱস্থিত । প্ৰথম উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান গু‌ৱাহাটী বিশ্ববিদ্যালয় আৰু কটন কলেজ,যিখন বৰ্তমানে স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ ৰূপ পাইছে,সেইয়াও মহানগৰখনিৰ বুকুতে অ‌ৱস্থিত । ইয়াৰোপৰি, কলা, বিজ্ঞান আৰু বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী,বেচৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান মহানগৰখনিত আছে । উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চিকিৎসা বিশ্ববিদ্যালয় শংকৰদে‌ৱ বিশ্ববিদ্যালয়খনিও এই গু‌ৱাহাটীতে অ‌ৱস্থিত । চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গু‌ৱাহাটী চিকিৎসা মহাবিদ্যালয়, আঞ্চলিক দন্ত্য মহাবিদ্যালয় আৰু দুই-চাৰিখন ব্যক্তিগত চিকিৎসালয়ে সে‌ৱা আগবঢ়াই আহিছে । অসম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি কেইবাখনো অভিযান্ত্ৰিক মহাবিদ্যালয়ে প্ৰতিবছৰে গুণগত শিক্ষাৰে শিক্ষিত অভিযন্তাৰ সৃষ্টি কৰি আহিছে । দেশৰ চৈধ্যখনি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম ২০১০ চনতে স্থাপিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যলয় আৰু জুডিছিয়েল একাডেমী,অসমে উত্তৰ-পূৰ্বাঞ্চলক আইনী শিক্ষাৰ ক্ষেত্ৰত সে‌ৱা আগবঢ়াই আহিছে । ইয়াৰোপৰি, গু‌ৱাহাটীত অন্য বিভিন্ন দক্ষতা-বিকাশ পাঠ্যক্ৰমৰ শিক্ষানুষ্ঠান আছে ।

স্বাস্থ্য:

কেইবাখনো চৰকাৰী আৰু বেচৰকাৰী বিশেষ চিকিৎসালয় আৰু গ‌ৱেষণা কেন্দ্ৰৰে ভৰি থকা গু‌ৱাহাটী মহানগৰ হৈছে উত্তৰ ভাৰতৰ ভিতৰতে স্বাস্থ্য সে‌ৱাৰ ক্ষেত্ৰত এক প্ৰাণকেন্দ্ৰ । মহানগৰখনৰ প্ৰায় সকলো চিকিৎসালয় আৰু ৰাজহু‌ৱা স্বাস্থ্য-কেন্দ্ৰসমূহৰ পূৰ্বৰ অ‌ৱস্থাক নতুন ৰূপ দি লগতে ভ্ৰাম্যমান চিকিৎসা সে‌ৱা আৰু ৰোগীক উঠাই অনা এম্বুলেন্সৰ সুবিধা প্ৰদান কৰি ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানে মহানগৰখনৰ ষ্বাস্থ্য খণ্ডলৈ অভূতপূৰ্ব পৰি‌ৱৰ্তন আনিছে । উল্লেখনীয় চিকিৎসালয় আৰু নাৰ্চিৎ হোমকেইখন হৈছে- গু‌ৱাহাটী চিকিৎসা মহাবিদ্যালয আৰু চিকিৎসালয়, ক্ষেত্ৰীয় চকু চিকিৎসা প্ৰতিষ্ঠান, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, দিশপুৰ চিকিৎসালয়, গু‌ৱাহাটী স্নায়বিক গ‌ৱেষণা কেন্দ্ৰ(জিএনআৰছি), ডাউন টাউন চিকিৎসালয়, ইন্টানেশ্যনেল হস্পিতাল, ড০ বি.বৰু‌ৱা কেন্সাৰ প্ৰতিষ্ঠান, হায়াট হাস্পতাল আৰু শংকৰদে‌ৱ নেত্ৰালয় ।

 

শ্মশান সে‌ৱা:

মহানগৰখনিত শ্মশান বা কবৰস্থানৰ ব্য‌ৱস্থা কৰি দিয়াটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব । এনে প্ৰয়োজনীয়তা অতি বেছিকে উপলব্ধি কৰা যায় যেতিয়া প্ৰতিজন মানুহে দখল কৰিব পৰা মাটিৰ পৰিমাণ প্ৰতি বছৰে কমি গৈ থাকে । গু‌ৱাহাটী পৌৰসভাই পৰিচালনা কৰা কেইবাখনো মৰিশালী মহানগৰখনিত আছে । ইয়াৰ ভিতৰত ন‌ৱগ্ৰহ, ভূতনাথ, বশিষ্ঠত থকা শ্মশানৰ নাম উল্লেখনীয় । কিছুমান বস্তি অঞ্চলত নিজাববীয়া সৰু শ্মশান বা কবৰস্থান আছে । এইবোৰত কিন্তু চাৰিসীমাৰ বেৰ, পানীৰ সুবিধা বা গছ-গছনি নাই । এইবোৰ সুবিধা প্ৰদান কৰি এনে অঞ্চলসমূহত জী‌ৱন ধাৰণৰ মান উন্নিত কৰিব পৰা যায় ।