পশু-চিকিৎসাৰ অনুজ্ঞাপত্ৰ (Veterinary Trade License)

১) পশু-চিকিৎসাৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদনপত্ৰ : আবেদন-পত্ৰ ডাউনলোড শাখাত উপলব্ধ ।

২) আবেদনৰ লগত গাঁঠি দিবলগীয়া নথি-পত্ৰ:

  • ভাড়া লো‌ৱাৰ চুক্তিনামা / দলিল
  • নিগমৰ কৰ দিয়া ৰছীদ (নম্বৰ উল্লেখ থকা)
  • বাসস্থানৰ প্ৰমাণ পত্ৰ
  • পৰিচয়ৰ প্ৰমাণ-পত্ৰ
  • ২ খন ফটো

৩) অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় আবেদন-মাচুল,চিকিৎসা-মাচুল আৰু অনুজ্ঞা-মাচুল

          আবেদন মাচুল: ১০০/- টকা

পৰ্যবেক্ষণ মাচুল : ৩০০/- টকা

চিকিৎসা মাচুল: নাই

অনুজ্ঞা মাচুল: অনুগ্ৰহ কৰি সংলগ্ন নথি চাওঁক

৪) অনুজ্ঞাপত্ৰ কেনেকৈ নবীকৰণ কৰিব পাৰি আৰু ইয়াৰ মাচুল কিমান:

          মূল অনুজ্ঞাপত্ৰখন জমা দিব লাগিব আৰু নাগৰিকে অনুজ্ঞা-মাচুল আদায় দিব লাগিব ।

৫) অনুজ্ঞাপত্ৰ ন‌ৱীকৰণৰ বিলম্বিকৰণৰ বাবে জৰিমণা: অনুজ্ঞা-মাচুলৰ ২০%

৬) অনুজ্ঞাপত্ৰবিহীন ব্য‌ৱসায়ৰ বিৰুদ্ধে কাক/কেনেকৈ অভিযোগ দাখিল কৰিব পাৰি :

অভিযোগৰ আবেদন পত্ৰ এই ঠিকনাত দিব পাৰিব – পশু-চিকিৎসা বিষয়া, পশু-চিকিৎসা বিভাগ, গু‌ৱাহাটী পৌৰ নিগম, ফাঁচী বজাৰ, গু‌ৱাহাটী -০১

৭) হেৰুও‌ৱা বা ফটাৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি পাবলৈ কাক/কেনেকৈ আবেদন কৰিব লাগিব :

প্ৰতিলিপি অনুজ্ঞাপত্ৰৰ মাচুল ১০০/- টকাৰে সৈতে প্ৰয়োজনীয় সকলো নথি-পত্ৰ জমা দি আবেদন কৰিব লাগিব ।

৮) পশু-কৰ কেনেকৈ হিচাপ কৰা হয় : মিউনিচিপাল কৰ্পৰেশ্বন এক্টৰ মতে হিচাপ কৰি উলিও‌ৱা হয় ।