স্বাস্থ্য-অনুজ্ঞাপত্ৰ (Health License)

১) ৰেষ্টোঁৰা, হোটেল, মাংগলিক অনুষ্ঠান বা সভা-সমিতি পতা বহল ঘৰ(বেংকেট হল) আদিৰ বাবে বাণিজ্যিক অনুজ্ঞাপত্ৰ পাবলৈ আবেদনৰ মাচুল আৰু প্ৰপত্ৰ:

          ক) আবেদন-পত্ৰ ডাউনলোড কৰিবলৈ ইয়াত টিপক

খ) স্বাস্থ্য-সে‌ৱাৰ আবেদন-পত্ৰ ডাউনলোড কৰিবলৈ ইয়াত টিপক

৩) মাচুলৰ বাবে : অনুগ্ৰহ কৰি এই নথি চাওঁক

২) আবেদনৰ লগত জমা দিব লগীয়া নথি-পত্ৰ:

গু‌ৱাহাটী পৌৰ নিগমৰ আপত্তিবিহীন অনুজ্ঞাপত্ৰ পাবৰ বাবে প্ৰয়োজনীয় নথি হৈছে-

১) গৃহ সজাৰ অনুমতি থকা আপত্তিবিহীন প্ৰমাণ-পত্ৰ, বাণিজ্যৰ হেতু

২) অনুমোদিত গৃহৰ নক্সা

৩) সংশ্লিষ্ট কৰ্তৃপক্ষৰপৰা দখলকৰণৰ প্ৰমাণপত্ৰ

৪) চৌহদৰ প্ৰকল্প-পৰিকল্পনা

৫) নিগমৰ বৰ্তি থকা কৰ(বাণিজ্যিক) নিষ্পত্তিকৰণৰ শেহতীয়া নথি

৬) গোটা পেলনীয়া সামগ্ৰী ব্য‌ৱস্থাপক/স্বেচ্ছাসে‌ৱী সংগঠনৰ লগত হো‌ৱা চুক্তিনামা

৭) ভাড়াত লো‌ৱা ঘৰ যদি মালিকৰ সৈতে হো‌ৱা চুক্তিনামা/দলিল

৮) ডি.চি.পি.(যান-জঁট)ৰ পৰা আপত্তিবিহীন প্ৰমাণ-পত্ৰ

৯) ৰাজ্যিক অগ্নিনিৰ্বাপক সে‌ৱাৰ পৰা অগ্নি নিৰ্বাপনৰ আপত্তিবিহীন প্ৰমাণপত্ৰ

৩) অনুজ্ঞাপত্ৰ দিয়াৰ বাবে প্ৰয়োজনীয় মাচুল:

          ব্য‌ৱসায়ৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰকমৰ মাচুলৰ ব্য‌ৱস্থা আছে । স‌ৱিশেষ তলত উল্লেখ কৰা হ’ল –

৪) অনুজ্ঞাপত্ৰৰ ম্যাদ :

এক(১) বছৰ । প্ৰতি বিত্তীয় বৰ্ষৰ শেষ হো‌ৱাৰ আগেয়ে নবীকৰণ কৰাব লাগিব ।

৫) অনুজ্ঞাপত্ৰৰ নবীকৰণ কেনেকৈ কৰিব পাৰি আৰু মাচুল কিমান :

          নবীকৰণৰ মাচুল (আবেদন মাচুল+অনুজ্ঞা মাচুল) নিগমৰ সংশ্লিষ্ট স্বাস্থ্য শাখাত জমা দি নবীকৰণ কৰাব পাৰি । স‌ৱিশেষ জানিবৰ বাবে এই নথি চাওঁক ।

৬) অনুজ্ঞাপত্ৰৰ নবীকৰণৰ বিলম্বকৰণৰ বাবে জৰিমণা: অনুজ্ঞা-মাচুলৰ ২০%

৭) অনুজ্ঞাপত্ৰবিহনীভা‌ৱে চলো‌ৱা ব্য‌ৱসায়ৰ বিৰুদ্ধে কেনেকৈ অবিযোগ দাখিল কৰিব :

          গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰলৈ পোনপতীয়াভা‌ৱে অভিযোগ দাখিল কৰিব পাৰিব ।

৮) হেৰু‌ওৱা বা ফটাৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি কেনেকৈ পাব পাৰিব :

          অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি পাবৰ বাবে নিগমৰ সংশ্লিষ্ট এলেকাৰ অনুজ্ঞাপত্ৰ বিষয়া, স্বাস্থ্য শাখাৰ ওচৰত আৰক্ষীৰ এফ.আই.আৰ. প্ৰতিলিপি আৰ পুৰণি অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি বা অন্য প্ৰমাণেৰে সৈতে আবেদন কৰিব লাগিব ।