পৰ্যটন

গু‌ৱাহাটীৰ ভিন্ন অঞ্চলত কেইবাটাও পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ আছে । তাৰে কেইটিমান তলত দিয়া হ’ল –

KamakhyaTemple কামাখ্যা মন্দিৰ: ৰজা সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভত উল্লেখ থকা তান্ত্ৰিক শক্তি-পূজাৰ আটাইতকৈ ডাঙৰ উদাহৰন হৈছে দে‌ৱী কামাখ্যাৰ উপাসনা কৰা এই কামাখ্যা মন্দিৰটি । এই মন্দিৰটি নীলাচল পাহাৰৰ একেবাৰে ওপৰত অ‌ৱস্থিত । ই গু‌ৱাহাটী ৰেল ষ্টেছনৰপৰা প্ৰায় ৮ কিমি আঁতৰত অ‌ৱস্থিত |
SrimantaSankardeva শ্ৰীমন্ত শংকৰদে‌ৱ কলাক্ষেত্ৰ: বৈষ্ণ‌ৱ সন্ত আৰু অসমীয়া জাতি গঢ়োতা শ্ৰীমন্ত শংকৰদে‌ৱৰ নামেৰে স্থাপিত হো‌ৱা শ্ৰীমন্ত শংকৰদে‌ৱ কলাক্ষেত্ৰ হৈছে কলা আৰু সংস্কৃতিৰ এক কেন্দ্ৰ । ইয়াত এটা কেন্দ্ৰীয় যাদুঘৰ আছে য’ত অসমৰ বিভিন্ন জাতি –জনজাতিয়ে ব্য‌ৱহাৰ কৰা ভিন্ন সামগ্ৰী আৰু সাংস্কৃতিক ভিন্ন আচবাব ইত্যাদিৰ সংৰক্ষণ তথা প্ৰদৰ্শনি কৰা হৈছে । ইয়াত ২০০০ জন মানুহ বহিব পৰাকৈ নাটক তথা নৃত্য প্ৰদৰ্শনৰ বাবে এখনি মুকলি মঞ্চও আছে । ইয়াতে ভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় |
BalajiTemple পূৰ্ব তিৰুপতি (বালাজী মন্দিৰ) তিৰুপতিত অ‌ৱস্থিত ভগ‌ৱান ভেংকেটশ্বৰ মন্দিৰৰ সৈতে সাইলাখ একে ভা‌ৱে বনো‌ৱা এই মন্দিৰটো বালাজী মন্দিৰ হিচাপে জনপ্ৰিয় । এই মন্দিৰত ভগ‌ৱান সে‌ৱা কৰা আৰু এটি স্বচ্চ নিৰ্মল পৰি‌ৱেশ পাবৰ বাবে দৰ্শনাৰ্থীৰ সমাগম হয় ।
NabagrahaTemple ন‌ৱগ্ৰহ মন্দিৰ : নটা গ্ৰহৰ এই মন্দিৰটি গু‌ৱাহাটীৰ চিত্ৰাচল পৰ্বৰতত অ‌ৱস্থিত । ৰেল ষ্টেছনৰ পৰা ইয়াৰ দূৰত্ব হৈছে মাত্ৰ ৩ কিলোমিটাৰ ।পূৰ্বৰ সময়ত ইয়াক জ্যোতিৰ্বিদ্যা আৰু মহাকাশ-বিজ্ঞানৰ অধ্যয়ন কেন্দ্ৰ বুলি কো‌ৱা হৈছিল । গতিকে ইয়েই হৈছে এটা কাৰণ, যাৰ বাবে গু‌ৱাহাটীক প্ৰাগজ্যোতিষপুৰ বা পূৰ্বৰ জ্যোতিষবিদ্যাৰ নগৰী বুলি জনা যায় ।
umananda-temple উমানন্দ মন্দিৰ : গু‌ৱাহাটী মহানগৰৰ মাজেৰে বৈ যো‌ৱা ব্ৰহ্মপুত্ৰৰ মাজৰ এটি দ্বীপত অ‌ৱস্থিত এই শি‌ৱ মন্দিৰটো‌ৱে শি‌ৱ ৰাত্ৰিৰ সময়ত সমগ্ৰ দেশৰে ভক্তগণক আকৰ্ষিত কৰে । কছাৰী ঘাটৰপৰা যো‌ৱা না‌ৱেঁৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ এই মন্দিৰটোলৈ যাব পাৰি । এই দ্বীপটোলৈ দৈনিকভা‌ৱে ফেৰী সে‌ৱাও উপলব্ধ ।
Assam-State-Museum ৰাজ্যিক সংগ্ৰহালয়:  ৰেল ষ্টেছনৰপৰা অসম ৰাজ্যিক সংগ্ৰহালয়লৈ খোজকাঢ়ি মাত্ৰ দহ মিনিটৰ বাট । ই গ্ৰীষ্মকালি ৰাতিপু‌ৱা দহ বজাৰপৰা সন্ধ্যা ৫ বজালৈকে খোলা থাকে । শীত কালি পাছে বন্ধ হো‌ৱাৰ সময় হৈছে ৪.৩০ বজা । (সোমবাৰে বন্ধ থাকে)
Botanical-Garden ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান : গু‌ৱাহাটী ষ্টেছনৰপৰা ইয়ালৈ দূৰত্ব হৈছে মাত্ৰ ৫ কিলোমিটাৰ । খোলা থকাৰ সময় হৈছে পু‌ৱা ৭ বজাৰপৰা ৫ বজালৈ (গ্ৰীষ্মকালি) আৰু ৮ বজাৰপৰা ৪.৩০ বজালৈ (ঠাণ্ডাকালি) । শুক্ৰবাৰে বন্ধ থাকে ।
নেহৰু উদ্যান:  গু‌ৱাহাটীৰ পানবজাৰ এলেকাৰ কটন কলেজৰ ঠিক সমুখতে অ‌ৱস্থিত এই নেহৰু উদ্যানখন গু‌ৱাহাটীৰ মাজমজিয়াতে থকা এখন ৰাজহু‌ৱা উদ্যান । ভাৰতৰ প্ৰাক।ন প্ৰধানমন্ত্ৰী জ‌ৱাহৰলাল নেহৰুৰ নামত উৎসৰ্গিত এই উদ্যানখনি পৰ্যটকৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰ । এই উদ্যানৰ মাটিকালি প্ৰথমে এটা অতি পুৰণি গীৰ্জাঘৰৰ অধীনত আছিল যদিও পাছলৈ অসম চৰকাৰে ইয়াক নিজৰ আয়ত্বাধীন কৰে । পূৰ্বতে ইয়াতে গীৰ্জাঘৰৰ এখনি শ্মশান আছিল যদিও পাছত চৰকাৰে ইয়াক বিলোপন কৰে । এই উদ্যানখন মহানগৰৰ এক শৈক্ষিক অঞ্চলত স্থাপিত যাৰ ওচৰে পাঁজৰে কেইবাখনো মহাবিদ্যালয় অ‌ৱস্থিত । উদ্যানৰ ঠিক সমুখতে কটন মহাবিদ্যালয় অ‌ৱস্থিত , যিখন বৃটিছ আমোলৰ সময়তে স্থাপন কৰা হৈছিল ।
gandhi-mandap গান্ধী মণ্ডপ : গু‌ৱাহাটীৰ শৰণীয়া পাহাৰৰ ওপৰত স্থাপিত কৰা মন্দিৰৰ দৰে এই অ‌ৱয়বটি ‘জাতিৰ পিতা’ মোহনদাস কৰমচান্দ গান্ধীৰ নামত উৎসৰ্গা কৰা হৈছে । যিদৰে হংকঙত পৰ্বতৰ ওপৰত উচ্চ স্তম্ভ আছে য’ৰপৰা বৃটিছ ৰেলপথ সংলগ্ন হৈছে, সেইদৰেই ই হৈছে গু‌ৱাহাটীৰ তেনে এক সংযোগ স্থলী, মাথো ইয়াত ৰেলৰ সলনি গাড়ীৰহে যোগাযোগ আছে । ইয়াতে ৰছীৰ ওলোমা সেঁতু, দোকান-পোহাৰ আৰু অন্যান্য যা‌ৱতীয় সুবিধাসমূহৰ উন্নয়ন সাধন কৰি ইয়াক এক আকৰ্ষণীয় পৰ্যটক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যাব । ইযাক এটা সুন্দৰ যাদুঘৰ হিচাপেও গঢ়িব পৰা যাব ।
Regional-Science-Centre ক্ষেত্ৰীয় বিজ্ঞান কেন্দ্ৰ : শিশুৰ বৈজ্ঞানিক অনুসন্ধিৎসুতাৰ প্ৰতি সে‌ৱা আগবঢ়াই আহিছে এই বিজ্ঞান যাদুঘৰে । কামৰূপ জিলাৰ খানাপাৰাত অ‌ৱস্থিত এই ক্ষেত্ৰীয় বিজ্ঞান কেন্দ্ৰটো শিশুসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভা‌ৱ সম্পৰ্কে জ্ঞান দিবৰ বাবে ১৯৯৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল ।
Guwahati-Planetarium গু‌ৱাহাটী তাৰকাগৃহ : গু‌ৱাহাটী মহনগৰৰ মাজমজিয়াত অ‌ৱস্থিত এই তাৰকাগৃহটো জ্যোতিৰ্বিদ্যা আৰু বৈজ্ঞানিক গ‌ৱেষণাৰ এক প্ৰাণকেন্দ্ৰ । শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ বৈজ্ঞানিক জ্ঞানান্বেষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে এই তাৰকাঘৰটো‌ৱে সদায় সে‌ৱা আগবঢ়াই আহিছে । সদৌ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ এই তাৰকাগৃহটো‌ত অন্যতম উৎকৃষ্ট প্ৰযুক্তি ব্য‌ৱহাৰ কৰা হৈছে । ই গু‌ৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপৰ মহাত্মা গান্ধী পথত অ‌ৱস্থিত ।.
ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত আৰু দিনৰ সময়ত জলভ্ৰমণৰ সুবন্দো‌ৱস্ত আছে যিয়ে অসমৰ সৌন্দৰ্যৰ এক অপৰূপ অভিজ্ঞতা লাভ কৰাৰ সুযোগ আগবঢ়াইছে । নদৰ ওপৰত কেইবাখনো ওপঙা ৰেষ্টোঁৰা আছে । ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাট দলং, শ্ৰদ্ধাঞ্জলী কানন, গু‌ৱাহাটী তেল শোধনাগাৰ, লাচিত বৰফুকন উদ্যান আৰু গু‌ৱাহাটী বিশ্ববিদ্যালয় আদি ঠাইসমূহ সঁচাকৈয়ে চাবলগীয়া ।