জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ ব্য‌ৱস্থা (Birth & Death Certification)

১) আবেদন পত্ৰৰ আৰ্হি

আবেদন পত্ৰসমূহ জন্ম-মৃত্যুৰ পঞ্জীয়ন কাৰ্যালয়, জি.এম.চি. স্বাস্থ্য শাখা, ফাঁচী বজাৰ জি.এম.চি. বজাৰ গৃহত উপলব্ধ । আৰ্হি প্ৰপত্ৰ ‌ৱে‌ৱচাইটৰ ডাউনলোড শিতানতো পাব পাৰিব ।

২) আবেদন পত্ৰৰ লগত গাঁঠি দিবলগা নথিসমূহ

  • জন্মৰ বাবে :  পঞ্জীয়নভুক্ত ডাক্তৰ অথবা চিকিৎসালয়ৰ জন্মৰ প্ৰতিবেদন
  • মৃত্যুৰ বাবে : চিকিৎসালয় অথবা ঘৰত হো‌ৱা মৃত্যুৰ প্ৰতিবেদন (আৰ্হি প্ৰতিলিপি ‌ৱেবচাইটৰ ডাউনলোড শিতানত উপলব্ধ)
  • জন্ম বা মৃত্যুৰ ১বছৰৰ ওপৰত দেৰি হ’লে জিলা ন্যায়াধীশৰ পৰা অনুমতি-পত্ৰ জমা দিব লাগিব ।

 

 

৩) এখন প্ৰমাণপত্ৰ(জন্ম/মৃত্যুৰ) দিয়াৰ বাবদ জমা দিবলগীয়া মাচুল

  • শূন্য : যদিহে জন্ম বা মৃত্যুৰ ২১ দিনৰ ভিতৰতে পঞ্জীয়ন কৰা হয় ।
  • দুটকা : জন্ম বা মৃত্যুৰ ২১ দিনৰ পাছত কিন্তু এমাহৰ আগত ।
  • পাঁচ টকা : জন্ম বা মৃত্যুৰ ৩০ দিনৰ পাছত পঞ্জীয়ণ কৰিলে ।

 

৪) হেৰালে বা ফাটিলে প্ৰমাণপত্ৰৰ প্ৰতিলিপি কেনেকৈ পাব পাৰি আৰু ইয়াৰ বাবে শুল্ক কিমান লাগিব?

  1. প্ৰমাণপত্ৰৰ প্ৰতিলিপি পাবৰ বাবে কৰা আবেদন জন্ম আৰু মৃত্যুৰ পঞ্জীয়ক, গু‌ৱাহাটী পৌৰ নিগমলৈ কৰিব লাগিব । ইয়াৰ লগত যথা বিধি শুল্ক দুটকা, প্ৰমাণপত্ৰ হেৰু‌ৱাৰ এফিডেফিট আৰু যদি আছে তেন্তে জন্ম বা মৃত্যুৰ প্ৰমাণপত্ৰৰ এটা প্ৰতিলিপি জমা দিব লাগিব ।
  2. প্ৰমাণপত্ৰৰ শুধৰণি কৰিবৰ বাবে কৰা আবেদন জন্ম আৰু মৃত্যুৰ পঞ্জীয়ক, গু‌ৱাহাটী পৌৰ নিগমলৈ কৰিব লাগিব । ইয়াৰ লগত যথা বিধি শুল্ক দুটকা, শুধৰণি কৰাৰ এফিডেফিট আৰু যদি আছে তেন্তে জন্ম বা মৃত্যুৰ প্ৰমাণপত্ৰৰ এটা প্ৰতিলিপি জমা দিব লাগিব ।