গৃহ অনুজ্ঞা (Building Permission)

১) জিএমডিএৰ ওচৰত আবেদন পত্ৰ পাব আৰু নতুন উপবিধি অনুসৰি জিএমডিএৰ অনুজ্ঞা পো‌ৱাৰ পাছত জিএমডিএয়ে গু‌ৱাহাটী পৌৰ নিগমলৈ আবেদনখন পঠাব লাগিব ।

২) আবেদন পত্ৰখন প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ সৈতে জিএমডিএক জমা দিব লাগিব ।

৩) আবেদনৰ মাচুল জিএমডিএক জমা দিব লাগিব ।

৪) প্ৰক্ৰিয়াকৰণৰ মাচুল জিএমডিএক জমা দিব লাগিব ।

৫) আপত্তিবহীন প্ৰমাণ পত্ৰ দিয়াৰ বাবে শুল্কৰ পৰিমাণ হৈছে –

ক) আ‌ৱাসিক আবেদনৰ বাবে
বাঁহৰ বেৰাৰে আবৰা অসম-আৰ্হিৰ ঘৰ ০.৫০ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত
ইটাৰে গঠিত বেৰাৰে আবৰা অসম আৰ্হিৰ ঘৰ ১ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত
আৰছিছি আৰ্হিৰ ঘৰ (তলৰ মহলা) ১০ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত
আৰছিছি আৰ্হিৰ ঘৰ (ওপৰ মহলা) ১২ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত

 

খ) এপাৰ্টমেন্টৰ বাবে
তলৰ মহলা ২০ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত
ওপৰৰ মহলা ২৪ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত

 

গ) বাণিজ্যিক উদ্দেশ্যৰ বাবে
তলৰ মহলা ৪০ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত
ওপৰৰ মহলা ৪৮ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত

 

 ঘ) উদ্যোগৰ বাবে
তলৰ মহলা ৮০ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত
ওপৰৰ মহলা ৯৬ টকা প্ৰতি বৰ্গ মিটাৰ হাৰত

১) নাগৰিকে আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰতিলিপি পাবৰ বাবে আবেদন কৰিব লাগিব । তেওঁলোকে নিজৰ নাম ঠিকনা আৰু যদি আছে পুৰণা আপত্তিবিহীন প্ৰমাণপত্ৰখনৰ প্ৰসংগ নম্বৰ উল্লেখ কৰিব লাগিব ।

২) বিধি উলংঘা কৰি নিৰ্মিত কৰা যিকোনো ধৰণৰ গৃহ নিৰ্মাণৰ বাবে গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰৰ ওচৰত তেওঁলোকে অভিযোগ দাখিল কৰিব পাৰিব ।