Water Supply

১) পানীৰ নতুন সংযোগ লো‌ৱা , সংযোগ বিচ্ছিন্ন কৰা বা সংযোগ স্তানান্তৰ কৰাৰ বাবে আবেদন পত্ৰৰ প্ৰপত্ৰ :

আবেদন পত্ৰৰ নমুনা ‌ৱেবচাইটৰ ডাউনলোড শিতানত উপলব্ধ ।

২) আবেদনৰ লগত গাঁঠি দিবলগীয়া নথি-পত্ৰ:

সংযোগ লওঁতাৰ স‌ৱিশেষ আৰু শেহতীয়া মাচুল দিয়াৰ ৰছীদ ।

৩) সংযোগ লো‌ৱাৰ বাবে, বিচ্ছিন্ন কৰাৰ বাবে বা স্থানান্তৰ কৰাবৰ বাবে প্ৰয়োজন হো‌ৱা মাচুলৰ নিৰিখ:

 

৪) প্ৰতি সংযোগৰ বাবে দিবলগীয়া মাচুল : প্ৰতিমাহে ন্যুনতম ১৪০ টকা ।

৫) এটা সংযোগৰ মেৰামতিৰ বাবে কাক/কেনেকৈ যোগাযোগ কৰিব : চুপাৰিণ্টেণ্ডেন্ট ইঞ্জিনীয়াৰলৈ এখন আবেদন কৰিব লাগিব ।

৬) মেৰামতিৰ বাবে প্ৰয়োজনীয় মাচুল : এখন তালিকাৰ ওপৰত নিৰ্ভৰ কৰি মাচুল নিৰ্ধাৰণ কৰা হয় । অনুগ্ৰহ কৰি চাওঁক – মেৰামতিৰ মাচুলৰ তালিকা

৭) বিধি উলংঘন কৰি লো‌ৱা সংযোগৰ বিষয়ে কাক/ কেনেকৈ অভিযোগ কৰিব :

বিধি উলংঘণ কৰি লো‌ৱা সংযোগৰ বাবে অভিযোগ কৰিবলৈ মুখ্য অভিযন্তা, ‌জল কৰ্ম বিভাগ, গু‌ৱাহাটী পৌৰ নিগমক জনাব লাগিব ।

৮) ক্ষমতাৰ ভিন্নতা অনুসৰি বিভিন্ন টেংকাৰৰ উপলব্ধতা আৰু তাৰ মাচুলসমূহ :

অনুগ্ৰহ কৰি চাওঁক : – টেংকাৰৰ ক্ষমতা

৯) পানীৰ টেংকাৰৰ সুবিধা কেনেকৈ পাব পাৰি :

নাগৰিকে পোনপতীয়াভা‌ৱে মুখ্য অভিযন্তা, গু‌ৱাহাটী পৌৰ নিগম জল যোগান শাখা, পানবজাৰক যোগাযোগ কৰিব পাৰে ।