বাণিজ্যিক অনুজ্ঞাপত্ৰ: (Trade license)


১) বাণিজ্যিক অনুজ্ঞাপত্ৰ পাবৰ বাবে আবেদন পত্ৰৰ নুমনা: সংলগ্ন নথি উপলব্ধ

২) আবেদনৰ লগত গাঁঠি দিবলগীয়া নথি:

ক) ভাড়াৰ চুক্তিপত্ৰ/দলিল

খ) ভাড়াৰ ৰছীদ

গ) মাটিৰ মালিকৰ সম্পত্তি কৰ দিয়াৰ ৰছিদ

ঘ) আৰক্ষী প্ৰশাসন আৰু গু‌ৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা আপত্তিবিহীন প্ৰমাণ-পত্ৰ

৩) অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে দিবলগীয়া শুল্ক: সংলগ্ন

৪) এখন অনুজ্ঞাপত্ৰৰ ম্যাদ:

১টা বিত্তীয় বৰ্ষৰ বাবে প্ৰযোজ্য ; অৰ্থাৎ ১ এপ্ৰিলৰ পৰা পাছৰ বছৰৰ ৩১ মাৰ্চলৈকে ।

৫) অনুজ্ঞাপত্ৰৰ নবীকৰণ কেনেকৈ কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় মাচুল:

নাগৰিকে আবেদন পত্ৰখন গু‌ৱাহাটী পৌৰ নিগমৰপৰা সংগ্ৰহ কৰিব লাগিব আৰু প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰাৰ পাছত জমা দিব লাগিব । এই প্ৰক্ৰিয়াটোত দুই ৰকমৰ মাচুল দিবলগীয়া হয়-

  1. আবেদন পত্ৰৰ মাচুল: ১০০ টকা
  2. ব্য‌ৱসায়ৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অনুজ্ঞাপত্ৰৰ মাচুল

৬) অনুজ্ঞাপত্ৰৰ ন‌ৱীকৰণৰ ক্ষেত্ৰত বিলম্বীকৰণৰ মাচুল: অনুজ্ঞাপত্ৰৰ মাচুলৰ ২০%

৭) অনুজ্ঞাপত্ৰ নোহো‌ৱাকৈ চলো‌ৱা ব্য‌ৱসায়ৰ বিষয়ে অভিযোগ কেনেকৈ / কাক কৰিব : সংস্লিষ্ট এলেকাৰ উপায়ুক্তক অভিযোগৰ উল্লেখ কৰি আবেদন কৰিব পাৰিব ।

৮) হেৰু‌ৱা বা ফটাৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি কেনেকৈ পাব আৰু মাচুল কিমান হ’ব : নাগৰিকে নিজৰ বাসস্থানৰ প্ৰমাণ পত্ৰ আৰু এখনি এফিডেফিটৰ সৈতে নিগমৰ সংশ্লিষ্ট এলেকাৰ উপায়ুক্তক আবেদন কৰিব লাগিব । ইয়াৰ বাবে মাচুল হ’ব ২০০ টকা।