বিজ্ঞাপন আৰু হোৰ্ডিং: (Advertisement & Hoarding)

 

১) আবেদনৰ মাচুল আৰু বিজ্ঞাপনৰ অনুমতিৰ বাবে আবেদনৰ আৰ্হি প্ৰপত্ৰ: ইযাৰ বাবে গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰক আবেদন পত্ৰ জমা দিব লাগিব ।

২) আবেদনৰ লগত গাঁঠি দিব লগা নথিসমূহ:

  • বিজ্ঞাপনৰ উদ্দেশ্যে নিগমে দিয়া অনুজ্ঞাপত্ৰ ।
  • মাটি বা গৃহৰ মালিকৰ পৰা এখনি চুক্তিপত্ৰ বা আপত্তিবিহীন প্ৰমাণপত্ৰ আৰু কৰ প্ৰদানৰ শেহতীয়া ৰছীদ ।
  • নিগমৰ পঞ্জীয়নভুক্ত আৰ্কিটেক্ট অভিযন্তা (পঞ্জীয়নভুক্ত প্ৰযুক্তি বিশাৰদ)ৰ পৰা গাঁঠনিভিত্তিক সুৰক্ষাৰ প্ৰমাণপত্ৰ ।
  • হোৰ্ডিং আৰু স্থানৰ স্কেচ্ছ মেপ অথবা প্ৰকল্প পৰিকল্পনাসমূহ ।
  • ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া অঞ্চলৰ ক্ষেত্ৰত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ অথৰিটি(NHAI)ৰপৰা আপত্তিবিহীন প্ৰমাণপত্ৰ ।

 

৩) হোৰ্ডিঙৰ ক্ষেত্ৰত মাচুলৰ হাৰ : হোৰ্ডিং শাখাই কে‌ৱল মাত্ৰ প্ৰদৰ্শনি শুল্কহে সংগ্ৰহ কৰে । স‌ৱিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি হোৰ্ডিং বেনাৰ আদিৰ মাচুলৰ হাৰ নামৰ নথি চাওঁক ।

৪) বেনাৰ আদিৰ ক্ষেত্ৰত মাচুল: অনুগ্ৰহ কৰি বেনাৰ আদিৰ ক্ষেত্ৰত মাচুল নামৰ নথি চাওঁক ।

৫) বিধি বহি:ৰ্ভুত হোৰ্ডিঙৰ বিৰুদ্ধে অভিযোগ দাখিব কেনেকৈ / কাক কৰিব : গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰলৈ এনে আবেদন দিব পাৰিব ।