সৰু যান-বাহনৰ অনুজ্ঞাপত্ৰ : (SMV LICENSE)

 

১) এখন সৰু গাড়ীৰ অনুজ্ঞাপত্ৰ পাবৰ বাবে আবেদনৰ প্ৰপত্ৰ আৰু মাচুল:

          ১) সৰু গাড়ীৰ মালিকিস্বত্তৰ মাচুল: ৩০ টকা ।

২) টনা সৰু গাড়ীৰ মাচুল : ৯০ টকা ।

২) আবেদনৰ লগত গাঁঠি দিবলগীয়া নথিপত্ৰ :

          ১) সৰু গাড়ী(গৰাকী): বাসস্থানৰ প্ৰমাণ পত্ৰ

২) সৰু গাড়ী (টনা):ক) আৰক্ষীৰ প্ৰতিবেদন , খ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ গ) ভোটাৰ পৰিচয় পত্ৰ

৩) অনুজ্ঞাপত্ৰৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় মাচুলসমূহ:

          সৰু গাড়ী (গৰাকী): ৰিক্সা অনুজ্ঞাপত্ৰ মাচুল : ১০০ টকা

থেলাৰ অনুজ্ঞাপত্ৰ মাচুল : ২০০ টকা

আইচক্ৰীম বা অন্য তেনে গাড়ীৰ অনুজ্ঞাপত্ৰৰ মাচুল: ১৩০ টকা

সৰু গাড়ী (টানি নিয়া): নাই ।

৪) এখন অনুজ্ঞাপত্ৰৰ ম্যাদ : এবছৰৰ বাবে প্ৰযোজ্য ।

৫) এখন অনুজ্ঞাপত্ৰ কেনেকৈ নবীকৰণ কৰিব আৰু তাৰ মাচুল :

          নিগমৰ সংস্লিষ্ট কাৰ্যালয়ত(SMV) পুৰণা অনুজ্ঞাপত্ৰখন জমা দি নবীকৰণ কৰিব পাৰিব । মাচুলৰ পৰিমাণ ১০০ টকা।

৬) অনুজ্ঞাপত্ৰ ন‌ৱীকৰণৰ ক্ষেত্ৰত বিলম্বিকৰণৰ মাচুল :

নাই । গৰাকীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰখনৰ বৈধতা শেষ হয় । টনা গাড়ীৰ ক্ষেত্ৰত ২৫ টকা প্ৰতি বছৰে ।

৭) বিভিন্ন ধৰণৰ সৰু গাড়ীৰ বাবে মাচুলৰ পৰিমাণ : উপলব্ধ নহয় ।

৮) অনুজ্ঞাপত্ৰ নোহো‌ৱাকৈ চলো‌ৱা সৰু গাড়ীৰ বিৰুদ্ধে কাক/কেনেকৈ অভিযোগ দাখিল কৰিব : গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰলৈ পোনপতীয়াভা‌ৱে অভিযোগ কৰিব পাৰিব ।

৯) হেৰুও‌ৱা অথবা ফটাৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি পাবলৈ হ’লে কি কৰিব লাগিব আৰু মাচুল কিমান হ’ব : নাগৰিকে সংশ্লিষ্ট এলেকাৰ উপায়ুক্তলৈ সম্বোধন কৰি এখন আবেদনপত্ৰ গু‌ৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত জমা দিব লাগিব । অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি পাবৰ বাবে দিব লগা মাচুল হৈছে ১৫ টকা ।