নামজাৰী শাখা: (Mutation Branch)


১) নামজাৰী প্ৰমাণপত্ৰ পাবৰ বাবে আবেদনৰ প্ৰপত্ৰ :

নামজাৰীৰ বাবে আবেদনপত্ৰ সংশ্লিষ্ট এলেকাৰ উপায়ুক্তৰ জৰিয়তে গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰলৈ সম্বোধন কৰি হ’ব লাগিব ।

২) আবেদনৰ লগত গাঁঠি দিবলগীয়া নথিপত্ত:

          ক) সম্পত্তি কৰ দিয়াৰ শেহতীয়া ৰছীদ ।

খ) সংশ্লিষ্ট স্বেচ্ছাসে‌ৱী অনুষ্ঠানৰপৰা পেলনীয়া গোটা সামগ্ৰীৰ বিষয়ে তথ্য ।

গ) নামজাৰী কৰাব খোজা ব্যক্তি বা ব্যক্তিসকল সম্পৰ্কীয় প্ৰয়োজনীয় নথি-পত্ৰ ।

৩) নামজাৰী প্ৰমাণপত্ৰৰ বাবে দিবলগীয়া মাচুল:

১০০/- টকা (এশ টকা)ৰ নগদ ৰছীদ

৪) হেৰুও‌ৱা বা ফটাৰ বাবে প্ৰমাণপত্ৰৰ প্ৰতিলিপি পাবলৈ হ’লে কি কৰিব লাগিব আৰু ইয়াৰ মাচুল কিমান:

প্ৰমাণপত্ৰৰ প্ৰতিলিপি পাবলৈ হ’লে গু‌ৱাহাটী পৌৰ নিগমৰ কমিছনাৰলৈ সম্বোধি আৰু মানজাৰীৰ কে’চ নম্বৰ উল্লেখ কৰি এখন আবেদন কৰিব লাগিব । ইয়াৰ লগত নিগমৰ নামজাৰী শাখাত জমা দিয়া ১০০/- টকা মাচুলৰ নগদ ৰাছিদ গাঁঠি দিব লাগিব ।